বিনীত বাগাৰিয়া আত্মহত্যা কাণ্ড! বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক

নিউজ ডেস্কঃ বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক। ডিব্ৰুগড়ৰ সমাজসেৱী তথা পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যা কাণ্ডৰ পিছত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰা অসন্তুষ্টিৰ পিছতে বদলি কৰা হয় ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বেলাৰাম তেৰাংক।

উল্লেখ্য যে, তিনি উদণ্ড যুৱকৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছিল ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়া নামৰ যুৱকজনে।

photo1657530038
বিনীত বাগাৰিয়া আত্মহত্যা কাণ্ড! বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক 4

সঞ্জয় শৰ্মা, বৈদুল্লা খান আৰু নিশান্ত শৰ্মা নামৰ তিনি যুৱকৰ বিৰুদ্ধে পূৰ্বে বহুবাৰ আৰক্ষীৰ কাষ চাপিছিল বিনীত বাগাৰিয়া আৰু তেওঁৰ পৰিয়াল। কিন্তু তাৰ পিছতে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল।

photo1657530121
বিনীত বাগাৰিয়া আত্মহত্যা কাণ্ড! বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক 5

সেই তিনি যুৱকৰ অত্যাচাৰৰ বলি হৈয়ে জীৱন ত্যাগ কৰিছিল বিনীতে। তাৰ পিছতে শনিবাৰে বিনীতৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

photo1657362796
বিনীত বাগাৰিয়া আত্মহত্যা কাণ্ড! বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক 6

মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষীৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তকো জবাবদিহী কৰে। তাৰ পিছতে সোমবাৰে বদলি কৰা হয় ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বেলাৰাম তেৰাংক।