AFSPAৰ বিৰুদ্ধে সুদীৰ্ঘ ১৬ বছৰ অনশন কৰা ‘আইৰণ লেডী’ ইৰোম শৰ্মিলাক সম্বৰ্ধনা জনাব মণিপুৰ চৰকাৰে…

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ তিনি ৰাজ্য অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাখনো জিলাৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বাতিল কৰাৰ পিছতে মণিপুৰ চৰকাৰে AFSPA বিৰোধী আন্দোলনৰ অংশ হিচাপে “আইৰণ লেডী” ইৰোম চানু শৰ্মিলাক তেওঁৰ ১৬ বছৰীয়া অনশনৰ সন্মান স্বৰূপে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লৈছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়, “আমি নিশ্চিতভাৱে তেওঁক আমন্ত্ৰণ জনাম আৰু তেওঁক সন্মানিত কৰিম।” তেওঁ লগতে কয়, “মই মণিপুৰৰ লোকসকলকো ধন্যবাদ জনাইছো। বিশেষকৈ ইৰোম শৰ্মিলাক ধন্যবাদ জনাবই লাগিব, যিয়ে নিজৰ জীৱনৰ সুদীৰ্ঘ ১৬ বছৰ ধৰ্ণা আৰু অনশনেৰে AFSPAৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে।’

উল্লেখ্য যে, মণিপুৰৰ সৰ্বপৰিচিত মানৱ অধিকাৰ কৰ্মী ইৰোম চানু শৰ্মিলাই ২০০০ চনৰ ৪ নৱেম্বৰৰ পৰা ২০১৬ চনৰ আগষ্টলৈকে AFSPA প্ৰত্যাহাৰৰ দাবীত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল। সুৰক্ষা বাহিনীয়ে ইম্ফলৰ উপকণ্ঠৰ মালোমত ১০ জন লোকক হত্যা কৰাৰ দুদিন পিছতে তেওঁ এই অনশন আৰম্ভ কৰিছিল।

মণিপুৰৰ লগতে সমগ্ৰ দেশৰ AFSPA বিৰোধী আন্দোলনৰ পৰিচয় হৈ পৰা ৪৯ বছৰীয়া শৰ্মিলাই অসম, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও ঠাইৰ পৰা AFSPA বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে। চৰকাৰৰ এই পদক্ষেপক তেওঁ “গণতন্ত্ৰৰ প্ৰকৃত লক্ষণ” বুলি অভিহিত কৰিছে।

এক সাক্ষাৎকাৰত তেওঁ কয়, “এটা পুৰণি আৰু ঔপনিৱেশিক আইন বাতিল কৰাৰ সিদ্ধান্তটো মোৰ বাবে গণতন্ত্ৰৰ প্ৰকৃত লক্ষণ স্বৰূপ। এয়া এক নতুন আৰম্ভণি আৰু দশকজোৰা যুঁজৰ ফল। এয়া আৰম্ভণিহে। মই বিচাৰো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA স্থায়ীভাৱে বাতিল কৰা হওক। ভুক্তভোগীসকল, যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে আৰু যিসকলে এই আইনৰ বাবে ব্যক্তিগতভাৱে যন্ত্ৰণা ভোগ কৰিবলগা হৈছে, তেওঁলোকক ক্ষতিপূৰণ দিয়া উচিত।”

Leave a Comment