অসমঅসমীয়া

শােৱাপাটীৰ পৰা অপহৰণ ৬ মহীয়া নিষ্পাপ শিশুক, নৈৰ পাৰত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক। কিমান নিষ্ঠুৰ হ’লে শোৱাপাটীৰ পৰা অপহৰণ কৰি নি হত্যা কৰিব পাৰে এটি নৱজাতকক!

দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ সুখচৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ কাণ্ডই জোকাৰি গৈছে প্ৰতিজন হৃদয়বান ব্যক্তিক।

শোৱাপাটীৰ পৰা নিশা কোনো পাষণ্ডই অপহৰণ কৰি নিয়া এটি নিস্পাপ শিশুৰ মৃতদেহ উদ্ধাৰ হ’ল ১০ ঘণ্টাৰ পিছত।

p4

ঘটনা অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত মলাখোৱাৰ চালিম আলমৰ ৬ মহীয়া শিশুটিক শোৱাপাটীৰ পৰা অপহৰণ কৰি নিয়ে দুস্কৃতিকাৰীয়ে।

মাতৃৰ সৈতে শুই থকা নিস্পাপ শিশুটিক ঘৰৰ দুৱাৰ ভাগি গোপনে লৈ যায় দুস্কৃতিকাৰীয়ে।

p3

ইফালে শিশুটিৰ অপহৰণৰ পিছত পৰিয়ালত সৃষ্টি হয় হাহাকাৰৰ। শিশুটিক বিচাৰি পৰিয়ালে সকলো দিশ চলাথ কৰাৰ পিছত শনিবাৰে পুৱা প্ৰায় ১০ বজাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।

অসম-মেঘালয় সীমান্তৱৰ্তী জিঞ্জিৰাম নৈৰ পাৰত একাংশ লোকে ঘাঁহ কাটিবলৈ গৈ উদ্ধাৰ কৰে শিশুটিৰ নিথৰ দেহ।

p5

ঘটনাস্থলীত মেঘালয়ৰ হেলিডেগঞ্জ থানা আৰক্ষী আৰু সুখচৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। ইতিমধ্যে শিশুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে মেঘালয় আৰক্ষীয়ে প্ৰেৰণ কৰিছে তুৰালৈ।

হাটশিঙিমাৰী জিলাৰ অতিৰিক্ত আৰক্ষী সত্যৰঞ্জন শইকীয়া, জিলা কাৰ্যবাহী বিষয়া তুলসী ৰঞ্জন কলিতাও ঘটনাস্থলীত উপস্থিত পৰিস্থিতিৰ বুজ লয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু শিশুটিৰ হত্যাকাৰীক বিচাৰি অভিযান চলাইছে।

কোন নিষ্ঠুৰ লোকে এনেদৰে শোৱাপাটীৰ পৰা শিশুটিক অপহৰণ কৰি আনি নৈৰ পাৰত নিথৰ দেহ পেলাই থৈ গ’ল, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

লগতে চাওকঃ

আকাশৰ পৰা সৰি পৰিল লোহাৰ ৰিং, প্ৰকাণ্ড গোলক! তীব্ৰ চাঞ্চল্য

G1 2

Leave a Reply

Your email address will not be published. Required fields are marked *