শোকাবহ! পথৰ দাঁতিত থিয় হৈ আত্মীয়ৰ বাবে অপেক্ষা কৰি থাকোতেই মহতিয়াই লৈ গ’ল থাৰে, একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ দাঁতিত থিয় হৈ আত্মীয়ৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে তীব্ৰবেগী থাৰ বাহনে মহতিয়াই নিয়াত থিতাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ তিনিজনকৈ লোকে।

এই ভয়ংকৰ দুৰ্ঘটনাত আন তিনিজন লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ জয়পুৰত।

নিহত সকলক সুনীতা, পুত্ৰ গোলু আৰু ভাতৃ সীতাৰাম বুলি জানিব পৰা গৈছে।

আনহাতে আহত সকলক ততাতৈয়াকৈ আৰক্ষীয়ে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱায়।

জানিব পৰা মতে, পৰিয়ালটোৱে হৰিদ্বাৰত পৰিয়ালৰ সদস্যৰ শেষ ৰীতি-নীতি সম্পন্ন কৰি ওভতাৰ পিছত জয়পুৰৰ চকছু তেহচিলত পথৰ দাঁতিত এজন আত্মীয়ৰ বাবে অপেক্ষা কৰি আছিল।

সেই সময়তে এখন দ্ৰুতবেগী থাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা সকলক মহতিয়াই নিয়ে।

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীখন এৰি পলায়ন কৰে চালকজনে।

অন্যহাতে গাড়ীখনৰ ভিতৰৰ পৰা সুৰাৰ বটল উদ্ধাৰ হোৱালৈ লক্ষ্য কৰি চালকজনে সুৰাপান কৰি থকাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি পলাতক চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।