কৰ্তব্যৰত দুই সহকৰ্মী জােৱানক গুলীয়াই হত্যা কৰি আত্মসমৰ্পণ জােৱানৰ

নিউজ ডেস্ক। এক ভয়ানক ঘটনা।

কৰ্তব্যৰত অৱস্থাত থকা দুই সতীৰ্থ জােৱানক গুলীয়াই হত্যা জােৱানৰ। তাৰ পাছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ।

এই চাঞ্চল্যকৰ ঘটনা শনিবাৰে পশ্চিম ত্ৰিপুৰাত সংঘটিত হয়।

G05

ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ (টিএছআৰ) দুজন জোৱানক গুলীয়াই হত্যা কৰে সতীৰ্থ জােৱান সুকান্ত দাসে (৩৮)।

নিহত জােৱান দুজনৰ নাম হৈছে চুবেদাৰ মাৰ্কা সিং জামাতিয়া (৪৭) আৰু নাইব চুবেদাৰ কিৰণ জামাতিয়া (৩৭)।

জােৱান কেইজন অ’এনজিচি (তেল আৰু প্ৰাকৃতিক গেছ নিগম)ৰ ড্ৰিলিং স্থানত কৰ্তব্যৰত অৱস্থাত আছিল।

জানিব পৰা মতে, মাৰ্কা সিঙ জামাতিয়াৰ ঘটনাস্থলীতে মৃত্যু হােৱাৰ বিপৰীতে নায়ব কিৰণ জামাতিয়াই চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুবৰণ কৰে।

তাৰ পাছতে জােৱানজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ত্ৰিপুৰা আৰক্ষী আৰু টিএছআৰৰ জ্যেষ্ঠ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি মৃতক জােৱান দুজনৰ আত্মীয়ক ৫-৫ লাখ টকাৰ অনুদান আৰু চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল আৰক্ষী জােৱান মনোৰঞ্জন গগৈৰ

Leave a Comment