নিউজ ডেস্কঃ আজি অনুষ্ঠিত হৈছে উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে।
নাগালেণ্ড আৰু ত্ৰিপুৰাত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি মিত্ৰজোঁট।
ইফালে মেঘালয়ত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱাৰ দিশে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এনপিপি।
ত্ৰিপুৰাত ৩৪ খন আৰু নাগালেণ্ডত ৩৫ খন আসনত জয়লাভৰ দিশে বিজেপি মিত্ৰজোঁট।
কিন্তু মেঘালয়ত মাত্ৰ ৩ খন আসনতে সীমাবদ্ধ হ’ব পৰা বিজেপি।
লক্ষণীয়ভাৱে উত্তৰ-পূবৰ এই তিনি ৰাজ্যতে নাই কংগ্ৰেছৰ প্ৰভাৱ।









