সাৱধান! ৩১ ডিচেম্বৰত সুৰাপান কৰি গাঢ়ি চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা…

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।

৩১ ডিচেম্বৰত নিশা আনন্দ ফু্ৰ্টিৰে নতুনক আদৰিবলৈ সকলোৱে প্ৰায় সাজু।

অৱশ্যে ৩১ ডিচেম্বৰত সুৰাপান কৰিম বুলি ভাবিছে যদি এতিয়াৰ পৰাই সাৱধান হওক আপুনি।

কিয়নো ৩১ ডিচেম্বৰত সুৰাপান কৰি গাঢ়ি চলাই ধৰা পৰিলে আপুনি ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।

ৰাজ্যত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে পন লোৱাৰ পিছতে সষ্টম হৈ উঠিছে আৰক্ষী তথা পৰিবন বিভিগো।

৩১ ডিচেম্বৰত সুৰা পান কৰি গাড়ী চলাই পৰিৱহন বিভাগৰ ওচৰত ধৰা পৰিলে ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমণা।

সুৰাৰ ৰাগীত গাড়ী চলালে গ্ৰেপ্তাৰো হ’ব পাৰে আপুনি।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ৩১ ডিচেম্বৰক লৈ তৎপৰ পৰিৱহন বিভাগ। দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা।  

৩১ ডিচেম্বৰৰ দিনা ৰাজপথত চলিব পৰিৱহন বিভাগৰ অভিযান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল- ‘এইবাৰ মই পন লৈছো যে ৩১ ডিচেম্বৰত এটা ল’ৰাও মৰিব নিদিওঁ মটৰ চাইকেল দুৰ্ঘটনাত। ৩১ তাৰিখে পুৱাৰে পৰা সমগ্ৰ অসমত পুলিচ ওলাব। কোনো মটৰ চাইকেল ৬০ৰ ওপৰত চলাব নিদিওঁ। ল’ৰা এটা মৰি গ’লে কি কষ্ট হয় সেয়া মাথোঁ পিতৃ-মাতৃয়ে অনুভৱ কৰিব পাৰে।’

Leave a Comment