NRCত নাম থাকিলেহে দৰঙৰ উচ্ছেদিত লোকক সংস্থাপিত কৰিব ৰাজ্য চৰকাৰে।
অসম চৰকাৰে দৰং জিলাৰ ছিপাঝাৰৰ উচ্ছেদিত লোক সকলৰ পুনৰ সংস্থাপনৰ প্ৰসংগত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এইদৰে নিজৰ যুক্তি দাঙি ধৰে।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাগৰিক সকলৰ নাম অন্তৰ্ভূক্ত হ’লেহে তেওঁলোকক পুনৰসংস্থাপনৰ কথা বিবেচনা কৰিব।
ছিপাঝাৰত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰিবগীয়া হোৱাৰ সময়ত উত্তেজিত জনতায়ো আক্ৰমণ কৰা সম্পৰ্কত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ সন্মুখত ৰাজ্য চৰকাৰৰ অধিবক্তাই এই যুক্তি দাঙি ধৰে।
উল্লেখ্য যে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পুনৰসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে এনআৰচিত নাম অন্তৰ্ভূক্ত হ’ব লাগিব বুলি বান্ধি দিয়া নিয়মৰ বিৰুদ্ধে স্পষ্টীকৰণ দাখিল কৰিব বুলিও কয়।









