মেঘালয়অসমঅসমীয়া

গুৱাহাটী কাণ্ডৰ প্ৰতিক্ৰিয়া শ্বিলঙত! মুকলি স্থানত প্ৰস্ৰাৱ কৰি মেঘালয়তো কাণত ধৰিবলগীয়া হ’ল অসমীয়াই

শ্বিলং, ৭ অক্টোবৰ। প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। – নিউটনৰ এই তৃতীয় সূত্ৰই যেন এতিয়া আখৰে আখৰে প্ৰতিফলিত হৈছে গুৱাহাটী আৰু শ্বিলঙত। শেহতীয়াকৈ গুৱাহাটীত সংঘটিত এক ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া চুবুৰীয়া ৰাজ্যখনৰ ৰাজধানী চহৰখনত অপ্ৰীতিকৰ পৰিস্থিতি আৰু যাতনাৰ বলি হ’বলগীয়া হৈছে অসমৰ কেইবাজনো ব্যক্তি।

প্ৰকৃততে ঘটনাৰ আৰম্ভণি হৈছিল গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়াত। শেহতীয়াকৈ মেঘালয়ৰ নম্বৰপ্লেট থকা বাহনৰে অহা এজন যুৱকে মুকলিকৈ সেতুৰ ওপৰতে প্ৰস্ৰাৱ কৰাৰ সময়ত স্থানীয় একাংশ লোকে তেওঁক হাতে-লোটে ধৰি জবাবদিহি কৰিছিল। পৰৱৰ্তী সময়ত মেঘালয়ৰ পৰা অহা আন পৰ্যটকৰ মধ্যস্থতাত যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰি কাণত ধৰি ৰাজহুৱাকৈ ক্ষমা খোজাৰ পিছত বিষয়টো শাম কাটে। কিন্তু একাংশ তথাকথিত ইনফ্লুৱেন্সাৰ আৰু মিডিয়াই মেঘালয়ৰ এই কাণত ধৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছতে তীব্ৰগতিত ভাইৰেল হৈ পৰে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে যোৱা দুটা দিনত মেঘালয়ৰ শ্বিলঙত আৰম্ভ হৈছে অনুৰূপ ধৰণৰ প্ৰতিশোধমূলক অভিযান। অসমৰ পঞ্জীয়ন নম্বৰ থকা বাহন আৰু অসমৰ পৰা যোৱা লোকসকলক লক্ষ্য কৰি স্থানীয় একাংশ লোকে কেমেৰা অন কৰি ৰাজপথত জবাবদিহি কৰা আৰম্ভ কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা পৃথক পৃথক তিনিটা ভিডিঅ’ত দেখা গৈছে যে মুকলি স্থানত প্ৰস্ৰাৱ কৰা, পিক পেলোৱা নাইবা আৱৰ্জনা পেলোৱাৰ অভিযোগ তুলি অসমৰ লোকক কেমেৰাৰ সন্মুখত আৱদ্ধ কৰা হৈছে।

ইয়াৰে দুটা ভিডিঅ’ত দুই অসমীয়া ব্যক্তিক ৰাজহুৱা স্থানত কাণত ধৰাই ক্ষমা খুজিবলৈ বাধ্য কৰোৱা হৈছে আৰু আন এটা ভিডিঅ’ত ৰাজপথত পেলাই থোৱা আৱৰ্জনা নিজ হাতেৰে চাফা কৰিবলৈ বাধ্য কৰাই সমগ্ৰ দৃশ্য বন্দী কৰা হৈছে মোবাইল কেমেৰাত।

নাগৰিক সজাগতা আৰু স্বচ্ছতাৰ দৰে এক সংবেদনশীল বিষয়ত দুই ৰাজ্যৰ মাজত ছ’চিয়েল মিডিয়াত এইদৰে প্ৰতিশোধমূলক আচৰণত নামি পৰা কাৰ্যই এতিয়া দুই চুবুৰীয়া ৰাজ্যৰ সম্প্ৰীতিৰ মাজত অযথা আঞ্চলিক তিক্ততাৰ সৃষ্টি কৰিছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *