সেউজ সংকেট! ব্ৰহ্মপুত্ৰ সুৰংগৰ বাবে অনুমোদন NBWL-ৰ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ নিৰ্দেশ

নিউজ ডেস্কঃ লুইতৰ বুকু ভেদি অচিৰেই নিৰ্মাণ হ’ব মেগা সুৰংগ। গহপুৰ আৰু নুমলীগড় সংযোগী প্ৰস্তাৱিত সুৰংগটোৰ বাবে অনুমোদন জনাইছে নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ চমুকৈ এন বি ডব্লিউ এলে। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে কেইটামান কঠোৰ চৰ্তও বান্ধি দিছে সমিতিখনে। প্ৰকল্পটোৰ সম্ভাৱ্য মাটিৰ স্থিৰতা, ভূগৰ্ভস্থ পানীৰ প্ৰবাহ, পলসৰ গতিশীলতা আৰু ভূমিকম্পীয় দুৰ্বলতাৰ ওপৰত সম্যক বৈজ্ঞানিক বিশ্লেষণৰ নিৰ্দেশ দিছে এন বি ডব্লিউ এলে।

WhatsApp Image 2025 07 11 at 17.12.36 42acb3bf
সেউজ সংকেট! ব্ৰহ্মপুত্ৰ সুৰংগৰ বাবে অনুমোদন NBWL-ৰ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ নিৰ্দেশ 4

এই প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থানৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰে বুলি কমিটীয়ে স্পষ্ট কৰি দিছে। ইউজাৰ এজেন্সী এন এইচ আই ডি চি এলক অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ একাউণ্টত ধন জমা দিবলৈ কোৱা হৈছে। এই পুঁজিৰ সহায়ত প্ৰকল্পৰ কাৰ্যকলাপৰ সম্ভাৱ্য প্ৰভাৱ কম কৰা হ’ব।

WhatsApp Image 2025 07 11 at 17.13.27 b4979800
সেউজ সংকেট! ব্ৰহ্মপুত্ৰ সুৰংগৰ বাবে অনুমোদন NBWL-ৰ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ নিৰ্দেশ 5

একে সময়তে মানৱ-জীৱ-জন্তুৰ সংঘাত প্ৰশমন আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিচালনাৰ বৈজ্ঞানিক পৰিকল্পনা প্ৰস্তুত কৰাটো বাধ্যতামূলক কৰা হৈছে।

WhatsApp Image 2025 07 11 at 17.13.57 5053c70c
সেউজ সংকেট! ব্ৰহ্মপুত্ৰ সুৰংগৰ বাবে অনুমোদন NBWL-ৰ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ নিৰ্দেশ 6

উল্লেখ্য যে, চাৰিলেনযুক্ত এই সুৰংগ নিৰ্মাণৰ বাবে কাজিৰঙা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ টাইগাৰ কৰিডৰৰ পৰা প্ৰায় ১৩.৭৭ হেক্টৰ বনভূমি আৰু কাজিৰঙা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰা ৬১.৫০২৮ হেক্টৰ অবনভূমিৰ প্ৰয়োজন হ’ব। ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই (এন টি চি এ) এই প্ৰস্তাৱত কিছুমান চৰ্ত সাপেক্ষে অনুমোদন দিয়াৰ পৰামৰ্শ আগবঢ়াইছে।

Leave a Comment