অসমীয়াৰাষ্ট্ৰীয়

কন্যাৰ সাফল্যত নাৰাজ পিতৃ! ৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ ৰাধিকাৰ হত্যাৰ আঁৰৰ কাৰণ কি?

নিউজ ডেস্কঃ নিজ পিতৃৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈয়ে। কন্যাৰ উপাৰ্জনৰ টকাৰে চলা বুলি কৰা মানুহৰ উপহাস আৰু কন্যাৰ এটা মিউজিক ভিডিঅ’ক লৈ থকা অসন্তুষ্টিৰ বাবে পিছফালৰ পৰা গুলীয়াই টেনিছ খেলুৱৈগৰাকীক হত্যা কৰিলে নিজৰ পিতৃয়ে। হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত এই নৃশংস হত্যাকাণ্ডই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

গুৰুগ্ৰামৰ নিজৰ বাসগৃহত পুৱা পাকঘৰত খাদ্য বনাই থকা ২৫ বৰ্ষীয় টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ শৰীৰ বিদ্ধ কৰে পিতৃৰ হাতৰ বন্দুকৰ তিনিজাঁই গুলীয়ে। অভিযোগ অনুসৰি, তেওঁৰ আৰ্থিক স্বাধীনতা, ইনষ্টাগ্ৰাম ৰিল, মিউজিক ভিডিঅ’ত উপস্থিতিৰ বাবে দীৰ্ঘদিনীয়া পাৰিবাৰিক বিবাদৰ ফলত এই হত্যাকাণ্ড সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক জেৰাৰ সময়ত ৰাধিকাৰ পিতৃ ৪৯ বছৰীয়া দীপক যাদৱে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

দীপকে আৰক্ষীক জনোৱা মতে, কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ৱাজিৰাবাদ গাঁৱৰ ৰাইজে বাৰে বাৰে ঠাট্টা-মস্কৰা কৰিছিল। জানিব পৰা মতে, আঘাতৰ বাবে নিজৰ টেনিছ কেৰিয়াৰত যতি পৰাৰ পিছত নিজাকৈ এখন একাডেমী খুলিছিল ৰাধিকাই। কিন্তু পিতৃ দীপক ইয়াৰ বাবে সুখী নাছিল। কন্যাক বাৰে বাবে তেওঁ কৈছিল একাডেমীখন বন্ধ কৰিবলৈ।

দীপকৰ স্বীকাৰোক্তি অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত পাকঘৰত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত তেওঁ পিছফালৰ পৰা তিনিবাৰকৈ গুলীচালনা কৰে ৰাধিকাক। গুলীচালনাত গুৰুতৰভাৱে আহত হয় ৰাধিকা। একেটা ঘৰৰ তলৰ মহলাত থকা ৰাধিকাৰ খুৰাক কুলদীপ যাদৱে গুলীচালনাৰ শব্দ শুনি লৰালৰিকৈ ওপৰলৈ উঠি আহি পাকঘৰৰ মজিয়াত নিশ্চল হৈ পৰি থকা ৰাধিকাক প্ৰত্যক্ষ কৰে। কাষৰ ড্ৰয়িং ৰূমত পৰি আছিল ৰিভলভাৰটো। লগে লগে তেওঁক ৫৬ নং ছেক্টৰৰ এছিয়া মেৰিংগো হাস্পতাললৈ লৈ যোৱা হয় আৰু কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষী সূত্ৰৰ মতে, বেংকৰ প্ৰাক্তন কৰ্মচাৰী দীপকে নিজৰ কন্যাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু স্বাধীনতাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল, বিশেষকৈ ছেক্টৰ ৫৭ত নিজাকৈ টেনিছ একাডেমী খোলাক লৈ আপত্তি দৰ্শাই আহিছিল পিতৃয়ে। আৰ্থিক স্বাধীনতা আৰু একাডেমী চলোৱাক লৈ মতানৈক্যৰ ফলত ধাৰাবাহিক সংঘাতৰ সৃষ্টি হৈছিল যদিও আৰক্ষী সূত্ৰই জনোৱা মতে, ৰাধিকাৰ মিউজিক ভিডিঅ’ত উপস্থিতিয়ে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছিল। উল্লেখ্য যে, শেহতীয়াকৈ ‘কাৰৱান’ শীৰ্ষক এটা মিউজিক ভিডিঅ’ৰ কিছু দৃশ্যত দেখা গৈছিল ৰাধিকাক। ইয়াৰ বাবেই পিতৃয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল আৰু ৰাধিকাক সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ পৰা ডিলিট কৰিবলৈ হেঁচা দিছিল।

আৰক্ষীয়ে জনোৱা মতে, কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে গাঁৱত ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছিল পিতৃ দীপক। যাৰ বাবে ক্ৰমাৎ বাঢ়ি আহিছিল কন্যাৰ প্ৰতি তেওঁৰ ক্ষোভ। এফআইআৰত লিপিবদ্ধ হোৱা আৰক্ষীক দিয়া বক্তব্যত দীপকে কয় যে কন্যাৰ সফলতাৰে জীৱন নিৰ্বাহ কৰাৰ বিষয়ে কৰা মন্তব্যত তেওঁ “লাজ” অনুভৱ কৰিছে। অভিযুক্তৰ কনিষ্ঠ ভাতৃ তথা ৰাধিকাৰ খুৰাক কুলদীপ যাদৱে এই সন্দৰ্ভত এফআইআৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *