নিউজ ডেস্কঃ প্ৰবল বৰষুণৰ মাজত ধৰ্মীয় অনুষ্ঠানৰ বাবে সমবেত হোৱাৰ সময়তে টিনপাতৰ চালিৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাত অকাল মৃত্যুক সাৱটি ল’লে ৭জনকৈ লোকে।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ আকোলাৰ পৰস গাঁৱত।
জানিব পৰা মতে, দেওবাৰে বিয়লিৰ পৰা দি থকা প্ৰবল বৰষুণ আৰু বতাহৰ মাজতে পৰস গাঁৱৰ প্ৰায় ৪০ জন লোকে বাবুজী মহাৰাজ সংস্থাৰ ধৰ্মীয় অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।
আটাইকেইজন লোকে এখন টিনপাতৰ চালিৰ তলত ঈশ্বৰ ভক্তিত বিভোৰ হৈ থকাৰ সময়তে কাষতে থকা এডাল নিম গছ চালিৰ ওপৰত উভালি পৰে।
এই ভয়ংকৰ ঘটনাত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী কেইজন আহত হয়।
কিন্তু আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ পথতে পুনৰ মৃত্যু ঘটে ৩জন লোকৰ।
বৰ্তমান হাস্পতালত ৩০ জন আহত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰ-সাহায্য দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰৰ কাম আৰম্ভ কৰে।
ঘটনাৰ পিছতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনবিছে দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত শোক প্ৰকাশ কৰে।
ফডনবিছে কয় যে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে মৃতকৰ পৰিয়ালক ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে।









