ভয়ংকৰ! টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ পৰা চাৰিচকীয়াত ট্ৰাকৰ প্ৰচণ্ড খুন্দা, দুজনৰ মৃত্যু

নিউজ ডেস্কঃ টায়াৰ ফটাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পৰা বাহনত বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু ঘটে দুজনকৈ লোকৰ।

দেওবাৰে দুপৰীয়া এই ভংয়কৰ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ ঝাঁচী-কানপুৰ ঘাইপথৰ চিৰগাঁৱৰ কৰগুয়ান অঞ্চলত।

জানিব পৰা মতে, দ্ৰুতবেগী চাৰিচকীয়া বাহনখনৰ সন্মুখৰ টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পৰে।

যাৰ ফলত বাহনখনে ডিভাইডাৰ ভাঙি আনটো লেনত উপস্থিত হোৱাৰ সময়তে সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই ভংয়কৰ দুৰ্ঘটনাত বাহনখনত থকা দুজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।

আহত তিনিওজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

অন্যহাতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ আছে নিহত দুজনৰ মৃতদেহ।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা চলাই আছে।