শাৰীৰিকভাৱে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, এইমছত ভৰ্তি…

নিউজ ডেস্কঃ শাৰীৰিকভাৱে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে দিল্লীৰ এইমছত।

বাতৰি অনুসৰি, সোমবাৰে দুপৰীয়া ১২ বজাত এইমছত ভৰ্তি কৰা হয় সীতাৰমণক।

এইমছৰ ব্যক্তিগত কক্ষত বৰ্তমান চিকিৎসাধীন হৈ আছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী।

উল্লেখ্য যে, সংসদৰ শীতকালীন অধিৱেশনত অহা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী সীতাৰমণে।

তাৰ পূৰ্বেই হঠাৎ অসুস্থ হৈ পৰে।