নিউজ ডেস্কঃ সুৰা নিষিদ্ধ বিহাৰত বিগত ৩ দিনত বিষাক্ত সুৰা পান কৰি প্ৰাণ হেৰুৱাইছে ৫৯ জনকৈ লোকে।
ৰাজ্যখনৰ ছাপৰা জিলাত বিষাক্ত সুৰা সেৱনৰ ফলত ঘটা মৃত্যুৰ সংখ্যাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
বিষাক্ত সুৰা পান কৰি লোকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সদনো।
বিৰোধীয়ে যদি বিষাক্ত সুৰাৰ গোপন বিক্ৰীৰ বাবে চৰকাৰক জগৰীয়া কৰিছে, আন একাংশই আকৌ উত্থাপন কৰিছে ক্ষতিপূৰণ প্ৰদানৰ দাবী।
বিধানসভাৰ বিৰোধী দলৰ নেতা বিজয় সিনহাই বিষাক্ত সুৰা পান কৰি মৃত্যু ঘটা লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপনৰ পিছতে পুনৰ সদনত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সদনত ভাষণ প্ৰদান কৰি কয় যে সুৰাপান কৰি মৃত্যু ঘটা লোকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ কোনো প্ৰশ্নই নাহে।
মুখ্যমন্ত্ৰীয়ে কয় যে সুৰাপান নকৰিলেই সমস্যাৰ সমাধান হৈ যাব। কিন্তু মদ খাই মৰিলে ক্ষতিপূৰণ দিয়াৰ প্ৰশ্নই নুঠে।
যদি ক্ষতিপূৰণ দিবই লাগে, তেন্তে সকলোৱে মিলি জনতাক মদ বেচিকৈ খাবলৈ পৰামৰ্শ দিয়ক বুলিও বিৰোধীক কটাক্ষ কৰে নীতিশ কুমাৰে।
আনহাতে বিহাৰত সুৰা নিষিদ্ধ হোৱাৰ পূৰ্বেও বিষাক্ত সুৰা পান কৰি মানুহৰ মৃত্যু ঘটিছিল বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে মদ খালে মৰিবই। গতিকে মদ নোখোৱাই ভাল।
#WATCH शराब पीकर मृत्यु पर हम उसे सहायता राशि देंगे? ये सवाल ही नहीं पैदा होता… इसलिए यह बातें सही नहीं है। जब हम संसद का चुनाव लड़ते थे तब पार्टियां हमारे साथ नहीं थी फिर भी CPI-CPM के लोग हमारा साथ देते थे: बिहार विधानसभा में विपक्ष को कहते हुए मुख्यमंत्री नीतीश कुमार, पटना pic.twitter.com/AKH0a8etQq
— ANI_HindiNews (@AHindinews) December 16, 2022









