চাঞ্চল্যকৰ! এগৰাকী আৰক্ষী কনিষ্টবলে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত…

এক চাঞ্চল্যকৰ ঘটনা।

এগৰাকী আৰক্ষী কনিষ্টবলে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত

পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্চি থানাৰ এগৰাকী কনিষ্টবলে সংঘটিত কৰে এই ঘটনা।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা কনিষ্টবল আকাবুৰ আলী শ্বেখে নিজৰ চৰকাৰী আৱাসতে চিপ লৈ জীৱন ত্যাগ কৰে।

সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা। থানাৰ পৰা ঘৰলৈ গৈ বহু সময়লৈকে ঘূৰি নহাত সতীর্থই বিচাৰি যাওঁতে ঘটনাটো পোহৰলৈ আহে।

আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি ঘৰুৱা কিবা সমস্যাক লৈ কনিষ্টবলজন কেইবাদিনৰ পৰা কিছু হতাশাগ্ৰস্ত হৈ আছিল।

সেয়ে, ঘৰুৱা সমস্যাৰ বাবেই তেওঁ এই পথ লোৱা বুলি অনুমান কৰা হৈছে।