ৰহস্যজনক! আই বিৰ কোঠাত উদ্ধাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ…

এক চাঞ্চল্যকৰ ঘটনা।

আই বিৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ।

মৃত বিষয়াগৰাকীৰ দিলীপ বৰুৱা বুলি জানিব পৰা গৈছে।

নগাঁৱত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিল দিলীপ বৰুৱা।

বিভাগৰ কলঙ সূঁতিৰ কাষৰ তেলিয়াগাঁৱত থকা আই বিৰ কোঠাত উদ্ধাৰ হৈছে বৰুৱাৰ মৃতদেহ।

বৰুৱা জলসিঞ্চনৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া আছিল ৷

বিষয়াজনক বিভাগৰ কৰ্মচাৰীয়ে কোঠাৰ ভিতৰত বিচনাতে মৃত অৱস্থাত উদ্ধাৰ কৰিছে ৷

বৰ্তমানলৈকে কাৰ্যবাহী অভিযন্তাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।