ৰহস্যজনকভাৱে সন্ধানহীন কলেজীয়া ছাত্ৰী, আলফালৈ আহিছোঁ বুলি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ পৰিয়াললৈ

ৰহস্যজনকভাৱে সন্ধানহীন কলেজীয়া ছাত্ৰী।

আলফালৈ আহিছোঁ বুলি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ পৰিয়াললৈ

চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আলফা (স্বা)ত যোগদান কৰা ছাত্ৰীগৰাকীৰ নাম অর্পিতা গগৈ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ কাকতিবাৰী থানা এলেকাধীন মাহমৰা কোঁৱৰগাঁও নিবাসী দিলীপ গগৈ আৰু ঊষা গগৈৰ কন্যা অৰ্পিতাই যোৱা ২৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।

লক্ষণীয় যে অর্পিতা নিৰুদ্দেশ হোৱাৰ এদিনৰ পাচতে অচিনাকি ম’বাইল ফোনৰ পৰা অৰ্পিতাৰ পৰিয়াললৈ এক চাঞ্চল্যকৰ হোৱাটছএপ বার্তা আহে। নিজকে অর্পিতা বুলি চিনাকি দি আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা উল্লেখ কৰি সম্প্ৰতি অৰুণাচলৰ নামচাইত বাহৰ পতা বুলি কয়।

ইফালে, এই চাঞ্চল্যকৰ হোৱাটছএপ বাৰ্তাটো লাভ কৰি সংকিত হৈ পৰিছে অৰ্পিতাৰ পিতৃ-মাতৃ।

ইতিমধ্যেই পৰিয়ালৰ তৰফৰ পৰা কাকতিবাৰী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে পৰিয়ালে।

মন কৰিবলগীয়া যে নিজকে অর্পিতা বুলি চিনাকি দি প্ৰেৰণ কৰা হোৱাটছএপ বাৰ্তাত ‘আলফাত যাম আমি’ বুলি উল্লেখ কৰাত স্বাভাৱিকতে একাধিক যুৱক-যুৱতী নিষিদ্ধ সংগঠনলৈ যোৱাৰ ইংগিত দিছে।

যুৱতীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক সন্ধানহীন ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে। আনহাতে যুৱতীগৰাকী যদি সঁচাকৈয়ে আলফা (স্বাধীন)ত যোগদান কৰিছে তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিবলৈ কাতৰ আহ্বান জনাইছে অৰ্পিতাৰ পিতৃ-মাতৃয়ে।