বঙাইগাঁৱৰ সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে।
পিছে এজন অনুৰাগীক চৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মাজবাটতে কনভয় ৰখাই অনুৰাগীক লগ কৰাৰ সময়তে তাৰেই মাজৰ এজন অনুৰাগীৰ সৈতে কথা বতৰা হওতে চৰ মাৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।
অৱশ্যে সেয়া কোনো খং বা ৰাগত নহয়।
মৰমতে যুৱকজনক লাহেৰে চৰ মাৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, যুৱকজনে মুখ্যমন্ত্ৰীৰ পৰা টকা আৰু ঘৰ বিচাৰি আহ্বান জনাই আছিল মুখ্যমন্ত্ৰীক।
যাৰ বাবে মুখ্যমন্ত্ৰীয়ে নগদ ধন নিদিয়ে বুলি মৰমতে চৰ মাৰি কয় যে, চৰকাৰৰ ফালৰ পৰা ঘৰ বনোৱাত সহায় কৰিব কিন্তু কোনো ধৰণৰ নগদ ধন হাতত নিদিয়ে।
কিন্তু যুৱকজনে হাতে-ভৰিয়ে ধৰি বাৰে বাৰে টকা বিচাৰে মুখ্যমন্ত্ৰীৰ পৰা। তেনেদৰে টকা নিদিয়ে বুলি কোৱাৰ পাছতো লাগি থাকে যুৱকজনে।
শেষত যুৱকজনক মুখ্যমন্ত্ৰীৰ কাষৰ পৰা আঁতৰ কৰিবলৈ বাধ্য হয় সুৰক্ষাকৰ্মীয়ে।









