মহানগৰবাসীৰ বাবে ভাল খবৰ! গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩ খন ফ্লাই অভাৰ…

নিউজ ডেস্কঃ মহানগৰীত পুনৰ নিৰ্মাণ কৰা হ’ব ৩ খন নতুন ফ্লাই অভাৰ।

মঙলবাৰে সংবাদমেলত এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰাক উপত্যকাৰ শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৱাহাটীত ৩ খন ফ্লাই অভাৰ নিৰ্মাণত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

image 198
মহানগৰবাসীৰ বাবে ভাল খবৰ! গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩ খন ফ্লাই অভাৰ… 3

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়া মতে, এই নতুন ফ্লাই অভাৰ কেইখনৰ এখন ডাউন টাউন হাস্পতালৰ সন্মুখত, এখন কুমাৰপাৰাত আৰু আনখন ফটাশিল আমবাৰীত নিৰ্মাণ কৰা হ’ব।

image 199
মহানগৰবাসীৰ বাবে ভাল খবৰ! গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩ খন ফ্লাই অভাৰ… 4

ফ্লাই অভাৰ কেইখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ আৰু এবছৰ সময় লাগিব বুলিও কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।