নিপন দাৰ বাটেৰেই পত্নী দীপালীৰ কাষলৈ গ’লগৈ দুৰন্ত প্ৰেমিক নীলপৱন বৰুৱা…

এটাৰ পিছত আন এটা দুসংবাদে ম্ৰিয়মাণ কৰি তুলিছে ৰাজ্যবাসীক।

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ মাথো এটা দিন পাছতে অসমৰ শীল্পজগতৰ আন এক নক্ষত্ৰ নীলপৱন বৰুৱাইয়ো ল’লে চিৰবিদায়।

শুকুৰবাৰে দুপৰীয়া ৩ বাজি ১৫ বজাত শেষ নিশ্বাস ত্য়াগ কৰে চিত্ৰশিল্পী গৰাকীয়ে।

কেইবাদিনো ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী।

২০২১ বৰ্ষৰ জুন মাহত ক’ভিডত আক্ৰান্ত হৈছিল নীলপৱন বৰুৱা। GMCHৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল চিত্ৰীশিল্পীজন।

চলিত বৰ্ষৰ ২২ ছেপ্টেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।

নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কত।পিতৃ ‘ধ্বনি কবি’ ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।

দুৰন্ত প্ৰেকিম আখ্যা পোৱা নীলপৱন বৰুৱা আছিল অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ স্বামী।

এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী হিচাপে নাম থকা নীলপৱন বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ।

image 226
নিপন দাৰ বাটেৰেই পত্নী দীপালীৰ কাষলৈ গ’লগৈ দুৰন্ত প্ৰেমিক নীলপৱন বৰুৱা... 2

দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ প্ৰেম আছিল সমগ্ৰ অসমবাসীৰ বাবে অনুপ্ৰেৰণামূলক। বৃদ্ধ অৱস্থাতো অসুস্থ পত্নীক সকলোপ্ৰকাৰে যত্ন লৈছিল স্বামী নীলপৱনে, যাৰ বাবে নাম পাইছিল দুৰন্ত প্ৰেমিকৰ। তেঁওলোকৰ প্ৰেম আছিল সহশ্ৰ জনৰ বাবে আদৰ্শ।

বৰুৱাদেৱে চিত্ৰশিল্পৰ বাবে বহু সন্মানেৰে সন্মানিত হৈছিল। ২০২১বৰ্ষত ৰাজ্য চৰকাৰে প্রদান কৰিছিল ‘অসম সৌৰভ’ বঁটা।

বিশিষ্ট চিত্ৰশিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লিখিছে- বৰুৱাদেৱৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা বৰেণ্য ব্যক্তিত্বক হেৰুৱালে ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷ এই দুখৰ মুহূৰ্তত বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷