ভয়ংকৰ দুৰ্ঘটনা! দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন, আহত তিনিজন

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন, আহত তিনিজন।

বগীবিল দলঙত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ মুহুৰ্ততে আন এখন মটৰ চাইকেলো এই দুৰ্ঘটনাৰ মাজত সোমাই পৰাত বাইক আৰোহী আৰু গাড়ী দুখনৰ আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বাইক আৰোহীজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

বগীবিল দলঙৰ ২৯ নম্বৰ খুঁটাৰ স্থানত ডিব্ৰুগড়ৰ দিশৰ পৰা কুলাজানৰ অভিমুখি এ আৰ-০১ এইচ-১৯৭৫ নম্বৰৰ পাজেৰ’ স্প’ৰ্টছ গাড়ীখন আৰু ডিব্ৰুগড় দিশলৈ গৈ থকা এ আৰ-০১ জে ৯৪৬৫ নম্বৰৰ বগা ৰঙৰ হোণ্ডাই ক্রেটা গাড়ীখনৰ মুখামুখি সংঘৰ্ষ হয়।

image 203
ভয়ংকৰ দুৰ্ঘটনা! দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন, আহত তিনিজন 3

তেনে সময়তে ক্রেটা বাহনখনৰ পিচে পিচে আহি থকা এ এছ-২২ ই-৩১২০ নম্বৰযুক্ত মটৰ চাইকেলখনে খুন্দা মাৰে।

মৃত বাইক আৰোহীজন তিনিঘৰীয়াৰ বাবা মিলি বুলি জানিব পৰা গৈছে।

image 204
ভয়ংকৰ দুৰ্ঘটনা! দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত নিহত এজন, আহত তিনিজন 4

দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি বগীবিল দলঙৰ দুয়োকাষে শ শ যান বাহন আবদ্ধ হৈ পৰে।