দুই কন্যা শিশুক যৌন নিৰ্যাতন চলােৱা আলাউদ্দীনক ২੦ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ…

এক ঐতিহাসিক ৰায়।

দুই কন্যা শিশুক যৌন নিৰ্যাতন চলােৱা পাষণ্ডক ২੦ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ।

গোৱালপাৰা জিলা বিশেষ ন্যায়াধীশ আদালতে দুই শিশুক যৌন নিৰ্যাতন চলােৱা আলাউদ্দীনক আলীক ২੦ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে।

ন্যায়াধীশ এছ ধৰৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে।

গোৱালপাৰা আদালতৰ বিশেষ ন্যায়াধীশ এছ ধৰে দিয়া এই ঐতিহাসিক ৰায়দানৰ বাবে ভুক্তভোগীৰ পৰিয়ালে সন্তুষ্টি প্ৰকাশ কৰা বুলি চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানা এলেকাৰ আলাউদ্দিন আলী নামৰ পাষণ্ডজনে ৮ আৰু ৯ বছৰীয়া দুই কন্যা শিশুক নিজ গৃহলৈ মাতি আনি যৌন নির্যাতন চলাইছিল।

এই কথা কাকো নক’বলৈ শিশু দুটিক ভাবুকি দিছিল আলাউদ্দিনে। ঘটনাৰ প্ৰায় তিনি মাহ পিছত নিৰ্যাতিতাৰ পৰিয়ালে ঘটনাটো অৱগত হোৱাত যোৱা বৰ্ষৰ ২৬ ছেপ্টেম্বৰত ধুপধৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত ৭৯/২০২১ নম্বৰত গোচৰটো পঞ্জীয়ন কৰে আৰু শিশুক যৌন নির্যাতন চলোৱা পাষণ্ড আলাউদ্দিন আলীক যোৱা ১ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰে।

আদালতত গোটৰটোৰ শুনানিৰ অন্তত আলাউদ্দিন আলীক পকছো আইনৰ ৬ ধাৰাত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২৫ হাজাৰ টকা জৰিমনা বিহে।

জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে ৩ মাহৰ কাৰাদণ্ড বিহাৰ নিৰ্দেশ দিয়ে আদালতে।

গোচৰটোৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে নিৰ্যাতিতাৰ হৈ আদালতত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সঞ্জয় শর্মাই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিযুক্তৰ হৈ কে আৰ আকমল হুছেইন আৰু আৰ আলমে যুক্তি প্ৰদৰ্শন কৰে।