নলবাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা! এজনৰ মৃত্যু, ৩ জন আহত

নিউজ ডেস্কঃ পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা!

নলবাৰী জিলাৰ মুকালমুৱাত দেওবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ মাজত দুখন নাওৰ সংঘৰ্ষত এজন লোক নিহত হোৱাৰ লগতে আন ৩ জন আহত হয়।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া কামৰূপ জিলাৰ গৰৈমাৰীৰ পৰা নলবাৰী জিলাৰ কুৰিহামাৰীলৈ ১২ জন যাত্ৰী লৈ গৈ থকা এখন নাওৱে বিপৰীত দিশৰ পৰা অহা আন এখন নাওত খুন্দা মাৰে।

photo1665997570
নলবাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা! এজনৰ মৃত্যু, ৩ জন আহত 2

এই দুৰ্ঘটনাৰ পিছত ব্ৰহ্মপুত্ৰৰ পানীত বুৰ যোৱা দুয়োখন নাওৰ যাত্ৰীসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এজন ব্যক্তিৰ সলিল সমাধি ঘটে।

নিহত লোকজনৰ পৰিচয় আইজুল হক বুলি জানিব পৰা গৈছে।

আনহাতে নাও দুৰ্ঘটনাত মকিবুল ইছলাম, তাইজুদ্দিন আহমেদ আৰু ফৰমান আলী নামৰ আন তিনিজন যাত্ৰী আহত হৈছে।

মুকালমুৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোত আহত সকলক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।