আদৰ্শ আৰু সততাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে এটা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে।
পুত্ৰই চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে ঘূৰাই দিলে চৰকাৰী আঁচনিৰ ঘৰৰ ধন।
মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি বজালীৰ এটা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ এগৰাকী নিৰক্ষৰ মহিলাই দেখুৱাইছে এই আদৰ্শ।
মহিলাগৰাকীয়ে কৈছে- ‘মোৰ ল’ৰাই চাকৰি লাভ কৰিছে। আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ ল’ৰাই চাকৰি পাব বুলি আমি কল্পনাও কৰা নাছিলো। মুখ্যমন্ত্ৰীয়ে দিয়া কথা মতে কথা ৰাখিলে। যোগ্যতা আৰু মেধাৰ ভিত্তিত মোৰ ল’ৰাৰ দৰে বহু ল’ৰাই উৎকোচ নিদিয়াকৈ চাকৰি লাভ কৰিলে।’
তেওঁ লগতে কৈছে- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কথা দি কথা ৰাখিলে, এতিয়া আমি আমাৰ কথা ৰখাৰ সময়। মই মোৰ বেয়া দিনবোৰ পাৰ কৰিলো। এতিয়া মোৰ ল’ৰাই যিহেতু চাকৰি লাভ কৰিলে গতিকে সি ভালে থাকিলে এদিন মোৰ ঘৰ হ’ব, গতিকে মই লাভ কৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো ঘূৰাই দিছো, বেংকত সোমোৱা প্ৰথম কিস্তিৰ ধনো ঘূৰাই দিলো। কাৰণ আমাতকৈ বহু তলৰ মানুহ যিহেতু আছে আমাৰ ঘৰটো তেনে পৰিয়ালক দিয়ক।
বজালী জিলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেঠুৱা নলিপাৰা গাঁৱৰ হিমানী পাটগিৰিৰ এই মহানুভৱতাক উচ্চ প্ৰশংসা কৰিছে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা আৰু খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই।
উল্লেখ্য যে, মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰ বিকাশ পাটগিৰিয়ে শেহতীয়াভাৱে লাভ কৰিছে আৰক্ষীৰ চাকৰি।
সেয়েহে মাতৃ-পুত্ৰই চৰকাৰী ঘৰটোৰ বাবে প্ৰথম কিস্তি লাভ কৰা ৩২,৫০০ টকা ঘূৰাই নিবলৈ লিখিতভাৱে খণ্ড উন্নয়ন বিষয়াক অনুৰোধ জনাইছে।
অকল সেয়াই নহয়, বিনামূলীয়া চাউল, অৰুণোদয় কার্ডকে ধৰি ঘূৰাই দিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী হিচাপে লাভ কৰি থকা বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা।
মুখ্যমন্ত্ৰীয়ে, ৰাজ্যৰ স্বাৱলম্বী পৰিয়ালে ভোগ কৰি থকা চৰকাৰী সুবিধাসমূহ ত্যাগ কৰাৰ আহ্বান জনোৱাৰ সময়তে এগৰাকী নিৰক্ষৰ গাঁৱলীয়া মহিলাই দেখুওৱা এনে আদৰ্শই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।









