গঁড় চিকাৰ কৰাৰ পৰিকল্পনা! অস্ত্ৰসহ আৰক্ষীৰ জালত তিনি চোৰাং চিকাৰী…

গঁড় চিকাৰ কৰাৰ পৰিকল্পনা কৰা তিনি চোৰাং চিকাৰী আৰক্ষীৰ জালত।

অস্ত্ৰসহ জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি চোৰাং চিকাৰীক।

নিশা কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ ২০নং লাইনৰ পৰা আটক কৰে তিনি চোৰাংচিকাৰীক।

লগতে আৰক্ষীয়ে জব্দ কৰে এটা হাতেসজা বন্দুক, চোকা অস্ত্ৰসহ অন্যান্য সামগ্ৰী।

ধৃত তিনি চোৰাং চিকাৰী ক্ৰমে- পৱন দাস, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডল।

ধৃত পৱন দাসৰ ঘৰ জখলাবন্ধা আৰক্ষী থানা এলেকাৰ বামুণী পথাৰত।

আনহাতে, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডলৰ ঘৰ কলিয়াবৰৰ নলতলীত।

আৰক্ষীৰ ভাষ্য অনুসৰি, গঁড় হত্যাৰ পৰিকল্পনাৰে ধৃত তিনি চোৰাংচিকাৰীয়ে বাহৰ পাতিছিল শাকমুঠী চাহ বাগিচা অঞ্চলত।

ধৃত তিনি অস্ত্ৰধাৰী চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰৰ যোগান ধৰা শাকমুঠী চাহ বাগিচাৰ মোহন তাঁতী নামৰ এজনকো আটক কৰে জখলাবন্ধা আৰক্ষীয়ে।