নিউজ ডেস্কঃ সাগৰলৈ যিদৰে বহু দূৰ, ভূপেন বৰাই চৰকাৰ গঠন কৰি বিজেপিৰ কাৰ্যালয় ভাঙি পেলোৱাৰ সপোনলৈও বহু দূৰ। -আকৌ এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাৰ।
সংবাদ মাধ্যমৰ সন্মুুখত ভূপেন বৰাক সমালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ভূপেন বৰাই প্ৰথমে নিৰ্বাচনত জিকি আহক। ভূপেন বৰাই প্ৰাক্তন বিধায়কৰ টেগটো নোহোৱা কৰক।
ভূপেন বৰাই নিজে নাওবৈচা সমষ্টিৰ পৰা জিকি অহাৰ লগতে লগত ৬৩ জন বিধায়কক লৈ আহক, তাৰ পিছত বিজেপিৰ কাৰ্যালয় ভঙাৰ কথা ক’ব বুলিও মন্তব্য পীযুষ হাজৰিকাৰ।
কিন্তু ভূপেন বৰা আৰু কংগ্ৰেছৰ বাবে এয়া এক অলীক সপোনৰ বাহিৰে আন একো নহয় বুলিও কটাক্ষ কৰিলে মন্ত্ৰীজনে।
তেওঁ কয়, ‘বিজেপিৰ কাৰ্যালয় ভাঙি পেলোৱাটো ইমান সহজ কথা নহয়। সাগৰলৈ যিদৰে বহু দূৰ, সেইদৰে ভূপেন বৰাই চৰকাৰ গঠন কৰি বিজেপি কাৰ্যালয় ভাঙি পেলোৱাৰ সপোনলৈও বহু দূৰ।’
আনহাতে কাৰোবাৰ ঘৰ, কাৰোবাৰ কাৰ্যালয় ভাঙিম বুলি কোৱাটো বেয়া আৰু নকৰাত্মক কথা বুলিও ভূপেন বৰাক পৰামৰ্শ আগবঢ়ালে উচ্ছেদৰ নামত হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৃহ ভাঙি অহা চৰকাৰখনৰ মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, মহানগৰীৰ বশিষ্ঠত বিজেপিয়ে ৰাজ প্ৰসাদ সদৃশ কাৰ্যালয় নিৰ্মাণ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।
কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বিজেপিক সমালোচনা কৰি বিজেপিৰ কাৰ্যালয়ৰ ঠাইত বানপানী গৱেষণা কেন্দ্ৰ স্থাপনৰ পোষকতা কৰিছিল।
অসমৰ কংগ্ৰেছৰ চৰকাৰ হ’লে বিজেপিৰ কাৰ্যালয় ভাঙি তাত বান গৱেষণা কেন্দ্ৰ স্থাপন কৰিব বুলিও মন্তব্য কৰিছিল ভূপেন বৰাই।
তাৰ পিছতে বিজেপিৰ একাংশ বিধায়ক-মন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।









