৫-১০ হাজাৰ টকা ঘোচ লোৱা সকল গ্ৰেপ্তাৰ হয়, কিন্তু ১৫৫ কোটি হজম কৰা জনৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! সামাজিক মাধ্যমত ক্ষোভ NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

নিউজ ডেস্কঃ চৰকাৰে ৫-১০ হাজাৰ টকা উৎকোচ লোৱা সকলক গ্ৰেপ্তাৰ কৰে ঠিকেই, কিন্তু গোচৰ পঞ্জীয়ন নহয় ১৫৫ কোটি টকা হৰলুকি কৰা জনৰ বিৰুদ্ধে।

এই গুৰুতৰ অভিযোগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন সমন্বয়ক তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হিতেশ দেৱ শৰ্মাৰ।

এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাক সামাজিক মাধ্যমত কটাক্ষ কৰি হিতেশ দেৱ শৰ্মাই কৰা এটা পোষ্টে শেহতীয়ালৈ চৰ্চা লাভ কৰিছে।

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াগৰাকীয়ে লিখিছে, ‘পাঁচ-দহ হাজাৰ টকা ভেটি খোৱাৰ পাচত গ্ৰেপ্তাৰ কৰি দুহাত দঙা অৱস্থাত ফটো দি চৰকাৰৰ কৃতিত্ব দাবী কৰা হয়। ১৫৫ কোটি টকা হজম কৰাজনৰ বিৰুদ্ধে গোচৰেই পঞ্জীয়ন নহয়। কলি কাল?’

post
৫-১০ হাজাৰ টকা ঘোচ লোৱা সকল গ্ৰেপ্তাৰ হয়, কিন্তু ১৫৫ কোটি হজম কৰা জনৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! সামাজিক মাধ্যমত ক্ষোভ NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ 2

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৃহৎ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছিল হিতেশ দেৱ শৰ্মাই।

চলিত বৰ্ষৰ মে’ মাহত প্ৰতীক হাজেলা আৰু এনআৰচি উন্নীতকৰণৰ সৈতে জড়িত একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অপৰাধমূলক আৰু জাতি বিৰোধী কাৰ্য চলোৱাৰ অভিযোগেৰে এজাহাৰো দাখিল কৰিছিল হিতেশ দেৱ শৰ্মাই।