মৰ্মান্তিক! পাকঘৰত মাতৃৰ সৈতে খেলি থকাৰ সময়তে গাত উতলা গাখীৰ পৰি গুৰুতৰভাৱে আহত এটি ডেৰ বছৰীয়া কণমানি, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ উতলা গাখীৰ গাত পৰি বিগত ১৫ দিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে এটি ডেৰ বছৰীয়া কণমানিয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোট্টায়ামত।

জানিব পৰা মতে, কোট্টায়ামৰ নিৱাসী প্ৰিন্স মেথিউ আৰু দিয়া থমাছৰ ডেৰ বছৰীয়া কন্যা ছেৰা মাৰিয়া প্ৰিন্সৰ গাত পৰিছিল উতলা গৰম গাখীৰ।

মাতৃৰ সৈতে পাকঘৰত খেলি থকাৰ সময়তে অসাৱধানবশতঃ উতলা গাখীৰ গাত পৰি গুৰুতৰভাৱে জ্বলি গৈছিল শিশুটি।

image 228
মৰ্মান্তিক! পাকঘৰত মাতৃৰ সৈতে খেলি থকাৰ সময়তে গাত উতলা গাখীৰ পৰি গুৰুতৰভাৱে আহত এটি ডেৰ বছৰীয়া কণমানি, হাস্পতালত মৃত্যু 2

লগে লগে শিশুটিক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও যোৱা ১৫ দিনে চিকিৎসাধীন হৈ থাকি অৱশেষত বৃহস্পতিবাৰে মৃত্যু ঘটে ছেৰাৰ।

শিশুটিৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃ।