নিউজ ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱক লৈ ইতিমধ্যে উখল মাখল পৰিৱেশ সমগ্ৰ অসমত। ঠায়ে ঠায়ে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা পূজাৰ মণ্ডপে উছাহ দুগুন বৃদ্ধি কৰিছে।
কিন্তু তাৰ মাজতে এইবাৰ পূজাৰ সময়ত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সকিয়নী প্ৰদান কৰিছে প্ৰশাসনে। সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমণা বিহাৰ লগতে লাইচেঞ্চ পৰ্যন্ত বাতিল কৰা হ’ব পাৰে বুলি ইতিমধ্যে সকীয়াই দিছে পৰিবহণ বিভাগে।
পূজাৰ বতৰত সুৰাপানক লৈ এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যইও। পূজাৰ সময়ত সুৰাপান কৰি উদ্ভাণ্ডালি কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰথমেই স্পষ্ট কৰি দিছে মন্ত্ৰী শুক্লবৈদ্যই।
তেওঁ লগতে কৈছে, ‘পৰাপক্ষত সুৰাপান কৰিব নালাগে। কিন্তু অগত্যা যদিও কৰেও, তেন্তে সিমানখিনি খাওক যাতে মানুহে গম নাপায়।’
সুৰাপান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈও আহ্বান জনাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। তেওঁ কয় যে সুৰাপান কৰি ঘৰটো কাজিয়া পেচাল কৰিব নালাগে। অলপ খাই শুই থাকিলেই হ’ল।









