দিল্লীৰ পৰা ৰে’লযোগে চোৰাংকৈ অসমলৈ অনা ৩২টা ম’হ মহানগৰীত জব্দ

নিউজ ডেস্কঃ গুৱাহাটীৰ বামুনীমৈদামৰ বিজি য়াৰ্ডৰ পৰা জব্দ ৩২ টাকৈ ম’হ।

নিউ গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে ম’হ কেইটা।

নতুন দিল্লীৰ পৰা ৰে’লযোগে অসমলৈ অনা হৈছিল ম’হ কেইটা।

খবৰ অনুসৰি নতুন দিল্লীৰ এখন ডেইৰী ফাৰ্মৰ পৰা এ কে মণ্ডল এণ্টাৰপ্ৰাইজ নামেৰে ম’হ কেইটা অসমলৈ অনা হৈছিল।

ৰে’লৰ পৰা নমোৱাৰ পিছত এএছ ০১ এনচি ৪৮২৬ নম্বৰৰ ট্ৰাকেৰে সৰবৰাহৰ সময়তে জব্দ ম’হ কেইটা।

নতুন দিল্লীৰ পৰা অসমলৈ চোৰাং ম’হ সৰবৰাহ সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।