মাস্ক পিন্ধি কিয় বিদ্যালয়লৈ আহিব! ১৩ বছৰীয়া ছাত্ৰক নিৰ্মম প্ৰহাৰ বিদ্যালয়ৰ চকীদাৰৰ…

এক চাঞ্চল্যকৰ ঘটনা।

মাস্ক পিন্ধি বিদ্যালয়লৈ অহাৰ এগৰাকী ছাত্ৰক নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ বিদ্যালয়ৰ চকীদাৰ বিৰুদ্ধে।

মহানগৰীৰ সমীপৰ সোণাপুৰৰ ডিগাৰুৰ মাজকুছি বুঢ়ীগোসানী মধ্য ইংৰাজী বিদ্যালয় সংঘটিত হৈছে এই ঘটনা।

চকীদাৰজনৰ নাম অজিত তাঁতি বুলি জানিব পৰা গৈছে।

মাস্ক পৰিধান কৰি যোৱাৰ বাবেই ছাত্ৰ জনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

এই ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰজনৰ পিতৃ-মাতৃয়ে সোণাপুৰ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিতে সোণাপুৰ আৰক্ষীয়ে আটক কৰে চকীদাৰজনক।

আটকাধীন লোকজনক বৰ্তমান আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।