অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল।

মঙলবাৰে শুনানিৰ অন্তত এই ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।

আন ১০ অভিযুক্তৰো পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে।

আন ৪ অভিযুক্তক অপৰাধমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ।

নিম্ন আদালতৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে।

পূৰ্বে নিম্ন আদালতত দোষী সাব্যস্ত হৈছিল দৈমাৰীসহ ১৪জন।

নিম্ন আদালতে ১৪জনক দিছিল যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।