ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰিল ট্ৰাক, চালক-হেণ্ডিমেন আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰিল ট্ৰাক।

ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।

কাৰ্বনভৰ্তি AP 93 X 4747 নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত ট্ৰাকখনৰ চালক বৰপেটা জিলাৰ হাউলীৰ আহাদুল ইছলাম আৰু হেণ্ডিমেন মনোৱাৰ হুছেইন আহত হয়।

আহত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দ্ৰুতবেগৰ অহাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে।