এক চাঞ্চল্যকৰ ঘটনা।
নিচাযুক্ত দ্ৰব্য খুৱাই চালকক অচেনত কৰি দুৰ্বৃত্তই লৈ গ’ল ই-ৰিক্সা।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ চালক।
বঙাইগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
সম্প্ৰতি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চালক কান্দুলিমাৰীৰ সঞ্জয় ৰায়।
ফোনযোগে ই-ৰিক্সা ভাৰা আছে বুলি কৈ চালকজনক মাতি নিয়াৰ পিছত এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, যাত্ৰীৰ বেশত অহা দুই দুৰ্বৃত্তই শীতল পানীয়ৰ সৈতে নিচাযুক্ত দ্ৰব্য মিহলি কৰি খুওৱাৰ ফলত চালকজনক অচেতন হৈ পৰে আৰু তাৰ পিছতে দুৰ্বৃত্তই ই-ৰিক্সাৰ লগতে মে’বাইল আদি লুট কৰি লৈ যায়।
স্থানীয় লোকে চালকজনক ৰাজপথৰ কাষত পৰি থকা দেখি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।









