‘চব নিউজ কৰক, হিমন্ত বিশ্ব শৰ্মাক মাৰি-কাটি পেলাই দিয়ক। কিন্তু নিযুক্তি বন্ধ হোৱা কাম নকৰিব। নিবনুৱা যুৱক-যুৱতীয়ে অসমৰ সাংবাদিকসকলক এইবাৰ বহুত বেয়া পাইছে।’
কাজিৰঙাত এক সংবাদমেলত এইদৰে মন্তব কৰি পুনৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- প্ৰথমবাৰ মই দেখিলো যে, অসমত সাংবাদিকে অসমীয়া ল’ৰাই চাকৰি পালে বেয়া পায়। এইটো ১০০ শতাংশ সঁচা। নিবনুৱা যুৱক-যুৱতীয়ে অসমৰ সাংবাদিকসকলক এইবাৰ ইমান বেয়া পাইছে যে, আপোনালোকে নিজেও গম পোৱা নাই।
সাংবাদিকৰাে আত্মচিন্তন শিৱিৰ হ’ব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, এইবাৰ সাংবাদিকক বুঢ়া আঙুলি দেখুৱাই যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ ল’বলৈ গৈছে। কোনো এজনে নকলে পইচা দি চাকৰি লোৱা বুলি।
সাংবাদিকক উদ্দেশ্যি তেওঁ কয় যে, ক্ষমতা থাকিলে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে। সকলােৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই চাকৰিৰ নামত গণ্ডগোল হ’ব নিদিয়ে। আপোনালোকে কিয় পকাই আছে মই বুজি নাপাও।
তেওঁ কয়- সকলোৰে ঘৰত এপিএছচিৰ দিনত চাকৰি হৈছে। যদি এপিএছচি বেয়াই আছিল তেওঁলোকৰ পৰিবাৰবোৰে কেনেকৈ চাকৰি পাইছিল? হয় তাৰা দাসৰ দিনত নহলে ৰাকেশ পালৰ দিনত চাকৰি পাইছে ডাঙৰ ডাঙৰ সাংবাদিকৰ পৰিয়ালে। মই সকলোৰে কথা জানো, মোৰ লগত এইবোৰ কৰি লাভ নাই।
চেনেলৰ ‘বুম’টো লৈ নিকা দেখুৱাই কিন্তু পিছত নিজৰেই নামটো দুৰ্নীতিত ওলাই যায়।-মুখ্যমন্ত্ৰী।









