নিউজ ডেস্কঃ প্ৰিয়ংকা গান্ধী কোন হয় নাজানে বিধায়ক দিগন্ত কলিতাই। সংবাদ মাধ্যমৰ সন্মুখত বিজেপি বিধায়কজনৰ প্ৰশ্ন- প্ৰিয়ংকা গান্ধী কোন হয়?
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম আগমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শাসকীয় দলৰ বহুবল্কী বিধায়কজনৰ প্ৰশ্ন- অসমৰ বাবে কি অৰিহণা আছে প্ৰিয়ংকা গান্ধীৰ?
অসমৰ গাঁৱৰ মানুহে প্ৰিয়ংকা গান্ধীক চিনি নাপায় বুলি মন্তব্য কৰি দিগন্ত কলিতাই কয় যে অসমৰ বানপানীৰ সময়তো এবাৰ অসমলৈ অহা নাছিল প্ৰিয়ংকা গান্ধী।
কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালতো এবাৰলৈও অসমত ভৰি দিয়া নাছিল প্ৰিয়ংকা গান্ধীয়ে। গতিকে তেওঁ অহা-নহাটো কোনো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই।
অৱশ্যে অসমৰ বানৰ সময়ত প্ৰিয়ংকা গান্ধী নহাক লৈ সমালোচনা কৰা কথাচহকী বিধায়কজনে সেই সময়ত বিজেপিৰ শীৰ্ষ নেতৃত্বও যে অসমলৈ অহা নাছিল সেয়া পাহৰি যোৱা বুলি এতিয়া মন্তব্য কৰিছে একাংশই।









