কাজিৰঙা সন্দৰ্ভত জ্ঞান নথকা মানুহে অপপ্ৰচাৰ চলাইছে, মই অনুমতি দিছিলোঃ PCCF এম কে যাদৱ

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে সদৰি কৰিছে এই কথা।

কাজিৰঙাৰ চিন্তন বৈঠকত উপস্থিত হৈ সাংবাদিকক আগত এই কথা সদৰি কৰে তেওঁ।

মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপিত অভিযোগো ভিত্তিহীন আখ্যা দিয়ে এম কে যাদৱে।

‘মুখ্যমন্ত্রী গৰাকীয়ে উদ্যানৰ ভিতৰ ভাগত সোমোৱাৰ ক্ষেত্রত কোনো বাধা নাই’ বুলি মন্তব্য যাদৱৰ।

তেওঁ কয়- কাজিৰঙা সন্দৰ্ভত জ্ঞান নথকা মানুহে অপপ্ৰচাৰ চলাইছে। মই চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন, মই তেওঁলোকক অনুমতি দিছিলো।

তেওঁ লগতে কয়- কাজিৰঙাক বদনাম কৰিব বিচৰা মানুহে অপপ্ৰচাৰ চলাইছে। নিৰ্দিষ্ট সময়তকৈ সেইদিনা অতিথিসকল পলমকৈ আহিছিল।