এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ই-ৰিক্সা আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষত গুৰুতৰভাৱে আহত তিনিজন।
গোৱালপাৰা জিলাৰ দৰংগিৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক।
দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখনৰ নম্বৰ ML08 C 7056
তীব্ৰবেগী বলেৰ’ বাহন খনে এগৰাকী বাইক আৰোহীক বচাবলৈ গৈ সন্মুখৰ পৰা অহা এখন ই-ৰিক্সাক খুন্দা মাৰে।
দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনে পথৰ ওপৰতে বাগৰি পৰে।









