হিন্দী চিনেমাৰ কায়দাত বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰীক অপহৰণৰ চেষ্টা দুই যুৱকৰ, আটক

নিউজ ডেস্কঃ হিন্দী চিনেমাৰ কায়দাত পাঠদান চলি থকা বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰীক অপহৰণৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল দুই যুৱক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সৰুক্ষেত্ৰীৰ ব্যাসকুছি হাইস্কুলত।

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ ৩ ছাত্ৰীক উঠাই নিয়াৰ ভাবুকি প্ৰদান কৰি বিদ্যালয়খনৰ ভিতৰত বাইকেৰে অনাধিকাৰ প্ৰৱেশ কৰে দুই যুৱকে। তাৰ পিছতে বিদ্যালয়খনৰ ৫ ছাত্ৰীক লক্ষ্য কৰি অশ্লীল কথা কোৱাৰ লগতে বিভিন্ন ভয়-ভাবুকি আৰু প্ৰলোভন দি অপহৰণ কৰাৰ চেষ্টা চলায়।

আনহাতে উদণ্ড যুৱক দুজনক এনে কাণ্ডৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰীয়ে স্থানীয় ৰাইজৰ সহযোগত যুৱক দুজনক কৰায়ত্ত কৰি পিছত সৰুক্ষেত্ৰী আৰক্ষীৰ হাতত চমজাই দিয়ে।

two culprit
হিন্দী চিনেমাৰ কায়দাত বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰীক অপহৰণৰ চেষ্টা দুই যুৱকৰ, আটক 2

ধৃত যুৱক দুজনক বৰপেটা জিলাৰ চেঙাৰ পদ্মপাৰাৰ ববিদুল আলী আৰু ইদুল আলী বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দীপক ভট্টৰ তত্বাৱধানত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল এই দুই যুৱক।

ইফালে ব্যাসকুছি হাইস্কুলৰ প্ৰধান শিক্ষকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োজন যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।