অসুস্থ ছবি পৰিচালক পুলক গগৈ! GMCHত স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই…

নিউজ ডেস্কঃ শাৰীৰিক অসুস্থতাত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিশিষ্ট ছবি পৰিচালক পুলক গগৈ।

photo1663855050 1
অসুস্থ ছবি পৰিচালক পুলক গগৈ! GMCHত স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই… 4

জানিব পৰা মতে, কিডনীৰ সমস্যাত আক্ৰান্ত হৈ থকাৰ বাবে জিএমচিএইছত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট চলচ্ছিত্ৰ পৰিচালকগৰাকীক।

photo1663855051
অসুস্থ ছবি পৰিচালক পুলক গগৈ! GMCHত স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই… 5

হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ তত্বাৱধানত বৰ্তমান চলি আছে পুলক গগৈৰ চিকিৎসা।

photo1663855050
অসুস্থ ছবি পৰিচালক পুলক গগৈ! GMCHত স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই… 6

ইফালে আজি জিএমচিএইছত বিশিষ্ট পৰিচালকগৰাকীৰ কাষত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা।

তেওঁ পুলক গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ছবি পৰিচালকগৰাকীক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিয়ে।