নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি যাত্ৰীবাহী বাছ পৰিল নদীত। যাৰ ফলত দুৰ্ঘটনাটোত নিহত হয় ৬ জন যাত্ৰী। তাৰ বিপৰীতে আহত হয় কেইবাজনো যাত্ৰী।
এই ঘটনা বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় মেঘালয়ৰ তুৰাৰ নংশ্ৰামত।

দুৰ্ঘটনাটোত আহত সকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত সকলৰ কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা যায়।
খবৰ অনুসৰি, নিশা ১২ মান বজাত তুৰাৰ পৰা শ্বিলং অভিমুখে গৈ আছিল মেঘালয় পৰিবহন নিগমৰ এখন বাছ।
Pained by the unfortunate MTC bus accident at Nongchram Bridge that claimed precious lives. My deepest condolences to the families of the deceased and I wish speedy recovery to those injured. pic.twitter.com/hF0K3Kx8s6
— Conrad Sangma (@SangmaConrad) September 30, 2021
কিন্তু বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দলঙৰ ৰেলিং ভাঙি হঠাতে নংশ্ৰামৰ ৰিংদি নদীত বাগৰি পৰে বাছখন। যাৰ ফলত বাছখনৰ ৬ জন লোকৰ থিতাতে মৃত্যু হয়।

উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল আহে যদিও নদীখনৰ প্ৰচণ্ড সোঁত আৰু পানী বেছি থকাৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সৃষ্টি হয়।
বাছখনত থকা আন যাত্ৰীসকলৰ উদ্ধাৰ অভিযান বৰ্তমান চলি আছে।
My heart goes out to the passengers injured in the unfortunate MTC bus accident at Nongchram Bridge. I wish them a speedy recovery. I extend my condolences to the families of those whose lives were lost. I pray the Almighty give them solace & strength during this difficult time. pic.twitter.com/SRfOeiwqAR
— James K Sangma (@JamesSangma1) September 30, 2021
উল্লেখ্য যে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগেই ইষ্ট গাৰো হিলছ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বাছখনত থকা যাত্ৰীসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ইয়াৰোপৰি ৰংজেং আৰু উইলিয়ামনগৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হয়।
ইষ্ট গাৰো হিলছ আৰক্ষীয়ে জনোৱা অনুসৰি, মেঘালয় পৰিবহণ নিগমৰ বাছখনত আছিল ২১ জন যাত্ৰী।
ইয়াৰে ৯ জন তুৰাৰ আৰু ১২ জন যাত্ৰী উইলিয়ামনগৰৰ আছিল।









