পৌৰ কৰক লৈ গৃহযুদ্ধ আৰম্ভ হৈছে বিজেপি চৰকাৰৰ ভিতৰচৰাত।
এইবাৰ স্বয়ং বিজেপি দলৰ এগৰাকী বিধায়কে নিজ চৰকাৰৰ মন্ত্ৰীৰ পদত্যাগৰ উত্থাপন কৰিছে দাবী।
গুৱাহাটী পৌৰ নিগমৰ কাম কাজৰ ওপৰত এতিয়া যেন ভৰষা নাই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ।
যাৰ বাবে পৌৰ নিগমৰ এলেকাধীন বাসিন্দাৰ সম্পত্তি কৰ আদায় কৰাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পন কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে।
গুৱাহাটী বাসীয়ে দিব লগা কৰ এই ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ইয়াৰ বাবে তেনে প্ৰতিষ্ঠানৰ পৰা নিবিদাও আহ্বান কৰা হৈছে।
গুৱাহাটীৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ যুক্তি-গুৱাহাটীত হেনো বাস কৰা ৪০ শতাংশ লোকেই সম্পত্তি কৰ আদায় নিদিয়ে।
কিন্তু এই পদক্ষেপক শাসকীয় দলৰ গুৱাহাটীৰ পৌৰ নিগমৰ এলেকাধীন সমষ্টিৰ একাধিক বিধায়কে কৰিছে বিৰোধিতা।
এই সন্দৰ্ভত প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে।
কাৰোৰে নাম উল্লেখ নকৰাকৈ বিধায়ক ভট্টাচাৰ্যই কয়- যদি ৪০ শতাংশ মানুহৰ কৰ আদায় কৰিব পৰা নাই, তেন্তে সেইটো আটাইতকৈ ডাঙৰ বিফলতা। তেখেত সকলে পদত্যাগ কৰক।
তেওঁ কয়- পৌৰ নিগমৰ এলেকাৰ পৰা ‘কৰ’ সংগ্ৰহ কৰা পূৰ্বৰে পৰা এটা ব্যৱস্থা আছে। এই ব্যৱস্থাত বিভিন্ন বিষয়া-বৰ্গ জড়িত হৈ আছে। তৎস্বত্বেও এটা ব্যক্তিগত প্ৰতিষ্ঠানক কৰ কাটল আদায় কৰিব দিয়া বিষয়টো চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে।
তেওঁ লগতে কয়- আমি গুৱাহাটীৰে বিধায়ক, জনপ্ৰতিনিধি কিন্তু আমৰা সৈতে এই সন্দৰ্ভত কোনো আলোচনা কৰা হোৱা নাই। আনকি আনুষ্ঠানিকভাৱে আমাক আজিলৈকে জনোৱা হোৱা নাই। এই একপক্ষীয় সিদ্ধান্ত আমাক কাৰণে গ্ৰহণযোগ্য নহয়।
লগতে তেওঁ কোনো বহিৰাগত প্ৰতিষ্ঠানে গুৱাহাটীত কৰ কাটল আদায় কৰিব নোৱাৰে বুলিও মন্তব্য কৰে।









