কৰম উৎসৱৰ মাজতে অঘটন।
গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি এজনৰ কৰুণ মৃত্যু।
বঙাইগাঁৱৰ ভাটিপাৰাৰ সংঘটিত হৈছে এই কৰুণ ঘটনা।
নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ বীৰবল ৰায়।
নিশা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চিলেণ্ডাৰ বিস্ফোৰণ ঘটি নিহত হয় যুৱকজন।
বেলুন ফুলোৱাৰ বাবে ব্যৱহৃত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই ঘটনা সংঘটিত হয়।
প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হোৱাৰ ফলত বীৰঝৰা চাহ বাগিচাৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত আতংকৰ সৃষ্টি হয়।









