বিজেপিক চেলেঞ্জ নকৰোঁ, বিজেপিক মোৰ ভয় লাগেঃ বদৰুদ্দিন আজমল…

বিজেপিলৈ ভয় এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ।

২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টি বিজেপিয়ে নিজৰ হাতলৈ অনাৰ পৰিকল্পনা আৰম্ভ কৰিছে।

ইতিমধ্যেই আজমলৰ প্ৰতিদ্বন্দ্বি হিচাপে ধুবুৰীত শুকুৰ আলীক প্ৰৰ্থিত্ব প্ৰদান কৰা নিজৰ দখললৈ অনাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

২০২৪ লোকসভা নিৰ্বাচন সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে।

তেওঁ কয়- মই ভগৱানৰ কৃপাত তিনিবাৰ ধৰি জয়ী হৈ আহিছো। কংগ্ৰেছৰ মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস নাই। বিজেপিক মই চেলেঞ্জ নকৰো।

তেওঁ কয়- বিজেপি এতিয়া পাৱাৰত আছে, দিল্লীৰ পৰা কাৰোবাক আনি যাদু কৰি দিব। তাৰ বাবে বিজেপিক মোৰ ভয় লাগে। কিন্তু কংগ্ৰেছক লৈ মোৰ কোনো ভয় নাই।

লগতে তেওঁ কয়- বিজেপিৰ আমি ‘বি’ টীম নহয়। সেইবাবে ভয় লাগে। ‘বি’ হ’লে একো ভয় নহ’লহেতেন।

আজমলে কয়- আমাৰ শত্ৰু নম্বৰ এক হৈছে বিজেপি। দুই নম্বৰ হৈছে কংগ্ৰেছ।