ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।
নিষ্ঠাৱান সমাজসেৱী তথা কবি মদিৰা শইকীয়া ভূঞাৰ আকস্মিক বিয়োগ।
মদিৰা শইকীয়া ভূঞাৰ আকস্মিক বিয়োগত সমগ্ৰ দুলীয়াজানত পৰিছে শোকৰ ছাঁ।
দুলীয়াজান লেখিকা সংস্থাৰ সম্পাদক, উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সম্পাদক, দুলীয়াজান সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, সদৌ অসম কবি সন্মিলনৰ ডিজিটেল উপ-সমিতিৰ সম্পাদক, দুলীয়াজান ৰটাৰী ক্লাবৰ প্ৰাক্তন সভাপতি-সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল মদিৰা শইকীয়া ভূঞাই।

জানিব পৰামতে, দুলীয়াজান অইল আবাসিক অঞ্চলৰ আবাসত নিশা মদিৰা শইকীয়া ভূঞা হৃদৰোগত আক্রান্ত হয়।
তৎকালীনভাৱে মদিৰাক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইয়াৰ পিচতেই শোকস্তব্ধ হৈ পৰে দুলীয়াজানবাসী।

দুলীয়াজানৰ কেইবাটাও অনুষ্ঠান প্রতিষ্ঠানে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচত দুলীয়াজানৰ টিপলিংস্থিত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
প্রয়াত কবিগৰাকীয়ে মৃত্যুৰ সময়ত স্বামীৰ লগতে একমাত্র পুত্র তথা অগণন আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।









