মৰ্মান্তিক! নৈৰ পাৰত খেলি থকা অৱস্থাত অঘটন, পানীত পৰি সন্ধানহীন দুবছৰীয়া কন্যা শিশু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

নৈৰ পাৰত খেলি থকা অৱস্থাত দুৰ্ভাগ্যক্ৰমে পানীত পৰি সন্ধানহীন দুবছৰীয়া কন্যা শিশু।

এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াত।

জানিব পৰা মতে, বিহপুৰীয়াৰ বাঁহগুৰা ধুনাগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভুলুকাৰগুৰীৰ মাজেৰে বৈ যোৱা সোৱণশিৰিৰ সুঁতিৰ পাৰত খেলি থকা অৱস্থাত পানীত পৰি সন্ধানহীন হয় মেঘনা পেগু নামৰ দুবছৰীয়া কন্যা শিশুটি।

photo 2022 09 18 16 19 01
মৰ্মান্তিক! নৈৰ পাৰত খেলি থকা অৱস্থাত অঘটন, পানীত পৰি সন্ধানহীন দুবছৰীয়া কন্যা শিশু 2

জানিব পৰামতে, লখিমপুৰ জিলাৰ জেংৰাই শিঙিমাৰী গাঁনৰ পবিত্ৰ পেগু আৰু পবিতা পেগুৰ কন্যা দুবছৰীয়া মেঘনা পেগু মাতৃসহ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল।

তেনে সময়তে নদীৰ পাৰত খেলি থকা অৱস্থাত হঠাতে পানীত পৰি যায় শিশুটি।

শিশুটিৰ সন্ধানত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও উদ্ধাৰ কৰিব পৰা নাই কণমানি শিশুটিক।