নিউজ ডেস্ক। ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ নামত উৎকােচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হােৱা যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয় ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত চলিল দুৰ্নীতি নিবাৰক অভিযান।
এই অভিযানত জব্দ কৰা হ’ল ৭ লক্ষাধিক নগদ ধন।

এই কথা টুইট কৰি প্ৰকাশ কৰিছে বিশেষ ডিজিপি জি পি সিঙে।
উল্লেখ্য যে শনিবাৰে এজন লােকৰ পৰা ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত দাবী কৰা ধন উৎকােচ হিচাপে লৈ থকা অৱস্থাত ভিজিলেন্সৰ হাতত ধৰা পৰিছিল জাহ্নৱী কলিতা নামৰ ঔষধ পৰিদৰ্শকগৰাকী।
ইয়াৰ পিছতে বিষয়াগৰাকীৰ যােৰহাট স্থিত বাসগৃহতাে অভিযান চলাই ভিজিলেন্সৰ অভিযানকাৰী দলে।
Cash INR 773700/- Seven lakh seventy three thousand Seven hundred only has been recovered from the house search of Smt Jahnabi Kalita, Drug Inspector arrested by @DIR_VAC_ASSAM at Jorhat. pic.twitter.com/O7OgX7Fkao
— GP Singh (@gpsinghips) September 17, 2022
এই অভিযানত নগদ ৭ লাখ ৭৩ হাজাৰ ৭੦੦ টকা জব্দ কৰিবলৈ সক্ষম হয় ভিজিলেন্সে।
এতিয়াও এই অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।
বিষয়াগৰাকীয়ে দুৰ্নীতিৰ ধনৰ সবিশেষ তথ্য বিচাৰি জেৰা অব্যাহত ৰাখিছে ভিজিলেন্সে।









