ঘোচ লৈ একেদিনাই গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী কৰ্মচাৰী! এইবাৰ গ্ৰেপ্তাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মেহেবুব মোল্লাহ

নিউজ ডেস্কঃ ঘোচ লৈ আকৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

মোটা অংকৰ দৰমহা লাভ কৰিও দুটকা অধিক উপাৰ্জনৰ লালসাত ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’বলগীয়া হল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাটে লোটে কৰায়ত্ব কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক মেহেবুব মোল্লাহ।

ভূমি মিউটেচনৰ কাম প্ৰক্ৰিয়াকৰণৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে একেদিনাই উৎকোচ গ্ৰহণৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ হয় যোৰহাটৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা।

ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দাবী কৰা ধন গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ হয় ঔষধ পৰিদৰ্শকগৰাকী।