এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা উপায়ুক্ত।
জাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত কোনো দুৰ্বৃত্তই খুলিছে WhatsApp একাউন্ট।
778704137 নম্বৰটোৰে উপায়ুক্তৰ নামত খোলা হৈছে WhatsApp একাউন্ট ৷
তেওঁৰ ফটো সংলগ্ন কৰি খোলা হৈছে এই একাউন্টটো৷
এই কথা সামাজিক মাধ্যমত অৱগত কৰিছে হোজাইৰ উপায়ুক্ত গৰাকীয়ে৷
জিলাভিত্তিত থকা #WhatsApp গ্ৰুপত ষ্টেটাছ দিছে উপায়ুক্তগৰাকীয়ে ৷
ঘটনাক লৈ হোজাই আৰক্ষীৰ তদন্ত অব্যাহত।
এই ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ বিভিন্ন দল সংগঠনাৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
সকলোকে সাৱধান হৈ থকাৰ লগতে দোষিক কৰায়ত্ব কৰাৰো জনাইছে আহ্বান।









